● নুমলীগড়ত দেশৰ দ্বিতীয়টো হাইড্ৰ’জেন প্ৰকল্প আৰম্ভ কৰা হ’ব। বিকল্প শক্তিৰ উৎস হিচাপে এই প্ৰকল্পটো আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নুমলীগড় ভ্ৰমণকালত সাংবাদিকৰ আগত প্ৰকাশ কৰে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অহা ১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয়, যে হাইড্ৰ’জেন প্ৰকল্পৰ বাবে যাৱতীয় প্রস্তুতি ইতিমধ্যে আৰম্ভ হৈছে।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া প্রধানমন্ত্রী মোদীৰ আগমণৰ পূৰ্বে কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ তথা সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্য্যালোচনা বৈঠকত মিলিত হয়। ড° শৰ্মাই নুমলীগড়ৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি উদ্বোধন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্রধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিবলগীয়া প্রকল্পসমূহৰ বিষয়ে উল্লেখ কৰে।
প্রধানমন্ত্ৰীৰ ভ্ৰমণক সন্মান জনাই নুমলীগড় আৰু মণিপুৰৰ মোৰে সংযোগী ৩৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড় শোধনাগাৰক সংযোগ কৰা ২ দশমিক ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা প্ৰধানমন্ত্রী নিম আলিবাট হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ৬০০ নিম পুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰম্ভ কৰা এই পদক্ষপেৰ অংশ হিচাপে কালি মুখ্যমন্ত্ৰী ড° শৰ্মাই এটা নিম পুলি ৰোপণ কৰে ৷
প্রধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে মঙলদৈত প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্রীয়ে লগতে প্রায় ৭ হেজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে ১৩ ছেপ্তেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে গুৱাহাটীত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানত ৰাজ্যৰ এহেজাৰৰো অধিক শিল্পীয়ে ভূপেন হাজৰিকাৰ ১৪ টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থ উন্মোচন কৰা হ’ব।