ডাউনলোড
মোবাইল এপ

android apple
signal

নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা

বিশেষ ন্যায়াধীশৰ আদালতে উৎকোচ লোৱাৰ গোচৰত নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। ২০১৬ চনৰ ২১ অক্টোবৰত এজন লোকৰ পৰা ৫ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ আজি বিশেষ ন্যায়াধীশৰ আদালতে গুপ্তাক দোষী সাব্যস্ত কৰে।

অধিক পঢ়ক

সকলো চাওক