নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব

যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব। একেদৰে ভাৰতীয় পুৰুষ হকী দল আজি বিয়লি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ সন্মুখীন হ’ব। মল্লযুদ্ধত বৰ্তি থকা একমাত্র পুৰুষ মল্লযোদ্ধা অমন শ্বেহবাৱাটৰ ওপৰতো ভাৰতীয় খেলপ্ৰেমীসকলৰ দৃষ্টি নিৱদ্ধ হৈ থাকিব। খেলুৱৈগৰাকী আজি বিয়লি পুৰুষৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অৱতীৰ্ণ হ’ব। আনহাতে মহিলা মল্লযোদ্ধা অঞ্চই ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত দেশক প্রতিনিধিত্ব কৰিব। ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাক্ৰমত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগটক কালি সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ফাইনেলত প্ৰৱেশ কৰাৰ পাছত অযোগ্য ঘোষণা কৰা হয়। ফোগটে এই সিদ্ধান্তৰ বিৰুদ্ধে ক্রীড়া চালিছী আদালতত আবেদন দাখিল কৰিছে। খেলুৱৈগৰাকীয়ে তেওঁক যুটীয়াভাৱে ৰূপৰ পদক প্ৰদান কৰিবলৈ দাবী জনাইছে। ইপিনে, ৱিনেছ ফোগটে সামাজিক মাধ্যমযোগে অৱসৰৰ কথা ঘোষণা কৰিছে। আনহাতে টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজেতা এছ মীৰাবাঈ চানুৱে কালি মহিলাৰ ৪৯ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত চতুৰ্থ স্থান লাভ কৰে। আনহাতে, অবিনাশ চাৱলেইপুৰুষৰ ৩ হাজাৰ মিটাৰ ষ্টিপ্লচেজত একাদশ স্থানত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।