ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নীপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বানত বুৰ গৈছে। ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাতৰ পাঁচটা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে। জিলাখনৰ ৫৬ খন গাঁৱৰ ৪ হাজাৰ ৫০০ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলা প্ৰশাসনে ১৫টা আশ্রয় শিবিৰ মুকলি কৰিছে। আজি জিলা আয়ুক্ত পুলক মহন্তই সীমান্ত দণ্ডাধীশৰ সৈতে গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ইটানগৰটোপ অঞ্চলত বান পৰিস্থিতিৰ বুজ লয়। বান পীড়িত ৰাইজৰ অৱস্থাৰ বুজ লৈ আয়ুক্তগৰাকীয়ে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান পৰিদৰ্শন কৰে। জিলাখনত আটাইকেইটা ৰাজহ চক্রতে চক্র বিষয়াসকলেও আশ্রয় শিবিৰসমূহত উপস্থিত হৈ বান ক্ষতিগ্ৰস্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। খুমটাই অঞ্চলৰ বিধায়ক মৃণাল শ‍ইকীয়াইও সমষ্টিৰ বান পীড়িত সকলৰ উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে। শ্ৰীশ‍ইকীয়াই বানত ক্ষতিগ্ৰস্ত সকলক সকলো প্ৰকাৰৰ সহায়- সহযোগ কৰাৰ আশ্বাস দিয়ে। জিলা প্রশাসনে এই তাৎক্ষণিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাই বাঢ়নি পানীত অপ্রয়োজনীয়ভাৱে নাও আদিৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিছে। তদুপৰি এনে পৰিস্থিতিত কোনো বৈদ্যুতিক সামগ্ৰী স্পৰ্শ বা মেৰামতি নকৰিবলৈ আহ্বান জনোৱা হৈছে। খোৱাপানীৰ ক্ষেত্ৰতো পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগে আহ্বান জনাইছে। যিকোনো জৰুৰীকালীন পৰিস্থিতিত জনসাধাৰণে 03774-280222 আৰু ০৩৬৭৪-২৮১৫২৮ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে।

ইফালে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰতো চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কেইবাখনো গাঁও বাঢ়নি পানীয়ে বুৰাই পেলাইছে। জিলাখনৰ চেলাইখাটি, মহজুলি বস্তি, নাহৰণি, মিছামাৰী, বৰপথাৰকে ধৰি কেইবাখনো গাঁও বানৰ কৱলত পৰিছে। একেদৰে গহপুৰ সমজিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মাজান আৰু ছত্ৰং নৈৰ বাঢ়নি পানীয়ে কালি বিস্তীর্ণ অঞ্চল বুৰাই পেলায়। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰৰ অন্তৰ্গত বাকোলা, বাকোলাপথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলংবস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানি ছপানলা গাঁৱৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে। আজি বিধায়ক পদ্ম হাজৰিকাই বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বান পীড়িত সকলক আশ্রয় শিবিৰলৈ স্থানান্তৰ কৰাৰ লগতে বিধায়কগৰাকীয়ে খোৱাপানী, আহাৰ আৰু চিকিৎ‍সাৰ ব্যৱস্থা সুনিশ্চিত কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।