বিজেপি সংসদীয় পৰিষদে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিহাৰৰ মন্ত্ৰী তথা পাঁচবাৰৰ বিধায়ক নীতিন নবীনক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। এগৰাকী সাংগঠনিক নেতা হিচাপে বহুলভাৱে পৰিচিত শ্ৰীনবীনে সম্প্ৰতি পাটনাৰ বাংকিপুৰ বিধানসভা সমষ্টিক প্রতিনিধিত্ব কৰে। তেওঁ লগতে নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰত পথ নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে। শ্রীনবীন হৈছে জ্যেষ্ঠ বিজেপি নেতা তথা প্রাক্তন বিধায়ক নবীন কিশোৰ প্ৰসাদ সিনহাৰ পুত্ৰ। ৪৫ বছৰীয়া নীতিন নবীন বিজেপিৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া কাৰ্যকৰী সভাপতি তথা বিহাৰৰ পৰা নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিজেপি নেতা।প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ নেতাগৰাকীক ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে নীতিন নবীন হৈছে দলৰ এগৰাকী কঠোৰ পৰিশ্ৰমী কর্মী। বিহাৰৰ কেইবাবাৰৰ বিধায়ক তথা মন্ত্ৰী হিচাপে তেওঁৰ যথেষ্ট সাংগঠনিক অভিজ্ঞতা আছে বুলি প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীনবীনৰ দক্ষতা আৰু সমৰ্পণে অনাগত সময়ত দলটোক অধিক শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্রী মোদীয়ে আশা ব্যক্ত কৰে।
Site Admin | December 15, 2025 11:31 AM | Working President at BJP
নীতিন নবীনক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি