ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক উচ্চতম ন্যায়ালয়ৰ নির্দেশ

উচ্চতম ন্যায়ালয়ে শনিবাৰে দিনৰ ১২ বজা পর্যন্ত ৱেবচাইট যোগে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশৰ পৰীক্ষা নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত দাকিল কৰা প্ৰায় ৪০ খন আবেদনৰ শুনানিলৈ প্ৰাৰ্থীসকলৰ পৰিচয় গোপনে ৰাখি চহৰ আৰু কেন্দ্ৰ ভিত্তিত ফলাফল প্রকাশ কৰিবলৈ নিৰ্দেশ দিয়ে। এই আবেদনকেইখন সন্দৰ্ভত সোমবাৰে পুৱা পুনৰ শুনানি আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট ইউ জি গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীখনে পৰীক্ষাৰ স্বচ্ছতাক লৈ যে আপোচ কৰা হৈছে তাক লৈ সন্দেহৰ অৱকাশ নাই বুলি মন্তব্য কৰিছিল। অৱশ্যে বিচাৰপীঠখনে পৰীক্ষা বাতিলৰ সিদ্ধান্ত অন্তিম বিকল্প হ’ব বুলি ৰায় দিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।