ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নির্বাচন আয়োগে আজি ৪খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৩৭৩ গৰাকী নিৰ্বাচন কৰ্মীক প্রশিক্ষণ প্ৰদান কাৰ্য আৰম্ভ কৰে

নির্বাচন আয়োগে আজি নতুন দিল্লীত ৪খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৩৭৩ গৰাকী নিৰ্বাচন কৰ্মীক প্রশিক্ষণ প্ৰদান কাৰ্য আৰম্ভ কৰে। অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে আইনমতে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন কৰ্মীসকলক এই প্ৰশিক্ষণ দিয়াটো অতি গুৰুত্বপূৰ্ণ তেওঁ লগতে কয়, যে এই প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে নির্বাচন সংক্রান্তীয় বহু বিষয় সন্দৰ্ভত অৱগত হ’ব পাৰিব। অংশগ্ৰহণকাৰীসকলক ভোটাৰৰ পঞ্জীকৰণ তথা অন্যান্য আনুসংগিক বিষয়ৰ লগতে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে প্ৰশিক্ষণ দিয়া হ’ব।