নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি উচ্চ শিক্ষা লাভৰ বাবে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ড° শৰ্মাই তেওঁৰ ভাষণত কয়, যে ২০২৪-২৫ বৰ্ষত এই আঁচনিৰ অধীনত এক লাখ ৬০ হাজাৰ ছাত্ৰীলৈ ১৩৩ কোটি টকা মোকলাই দিয়া হৈছে আৰু ২০২৫-২৬ বৰ্ষত ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয়, যে উচ্চ শিক্ষা আহৰণ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালৰ মাতৃত্ব প্ৰতিৰোধ, প্ৰতিগৰাকী কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত হৈছে। তেওঁ ভাষণ প্ৰসংগত বাল্যবিবাহৰ ঘটনাৰ পৰা ৰাজ্যৰ কন্যাসকলক সম্পূৰ্ণৰূপে মুক্ত কৰাৰ দৃঢ় সংকল্পৰ কথা দোহাৰে। ইয়াৰ উপৰি ৰাজ্যত নাৰী তথা ছোৱালীৰ মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বহু বিবাহৰ কথাও উল্লেখ কৰে। ড০ শৰ্মাই বহু বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশ কৰে ৷

অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্যকে ধৰি আন কেইবাগৰাকী বিধায়ক উপস্থিত আছে।
ৰাজ্যৰ বিভিন্ন জিলাতো আজি এই আঁচনিৰ অধীনত চেক বিতৰণ কৰা হয়। নলবাৰী মহাবিদ্যালয়ত আয়োজিত কার্যসূচীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ১০ গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। জিলাখনৰ ১২ হাজাৰ ছাত্ৰীক এইবাৰ এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত গোৱালপাৰা জিলাৰ ১২ হাজাৰৰো অধিক ছাত্ৰীক সামৰি লোৱা হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে আজি পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে। বাল্য বিবাহ ৰোধ তথা কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ জাগৰণ হিচাপে পৰিগণিত হোৱা এই আঁচনিৰ অধীনত মৰিগাঁও জিলাৰ ভালেমান ছাত্ৰীক চেক বিতৰণ কৰা হয়। আজি জাগীৰোডৰ জাগী উচ্চতৰ মাধ্যমিক খেলপথাৰত আয়োজিত কার্যসূচীত মন্ত্রী পীযূষ হাজৰিকা উপস্থিত থাকে ছাত্রীসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। ভাষণ প্ৰসংগত তেওঁ এই আঁচনিয়ে ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি মত প্ৰকাশ কৰে। বজালী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ ৫ হাজাৰ ২১৩ গৰাকী ছাত্ৰীক আজি এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত আয়োজিত কার্যসূচীত জিলা আয়ুক্ত মৃদুল কুমাৰে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে। বৰপেটা জিলাৰ ১৮ হাজাৰ ৩৪৯ গৰাকী ছাত্ৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। এই উপলক্ষে আজি জিলাখনৰ ৮২ খন শিক্ষানুষ্ঠানত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰপেটা ৰোডৰ হাউলী মহাবিদ্যালয়ত আয়োজিত কার্যসূচীত মন্ত্ৰী ৰণজিত কুমাৰ দাস উপস্থিত থাকে। ভাষণ প্ৰসংগত তেওঁ এই আঁচনিখন ৰাজ্যৰ অন্যতম শ্রেষ্ঠ আঁচনি বুলি অভিহিত কৰে । তামুলপুৰ জিলাৰ ছাত্ৰীসকলকো আজি এই আঁচনিৰ চেক বিতৰণ কৰা হয়। তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত বিটিচিৰ দৰংগাজুলিৰ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰীয়ে ১৬৯ গৰাকী ছাত্ৰীক চেক বিতৰণ কৰে। তামুলপুৰ মহাবিদ্যালয়ত বিধায়ক জলেন দৈমাৰী আৰু তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত কাৰ্যসূচীত প্রাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে।

নগাঁও জিলাতো এই আঁচনিৰ চেক বিতৰণ কৰা হয়। কলিয়াবৰ মহাবিদ্যালয়ত আয়োজিত কার্যসূচীত মন্ত্ৰী কেশৱ মহন্তই ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে। ইপিনে নেহৰুবালিত আয়োজিত এটা কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মাই ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে।
বিশ্বনাথ জিলাৰ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত এই আঁচনিৰ চেক বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থকা ছাত্ৰীসকলে ভার্চুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰীৰ ভাষণ প্ৰত্যক্ষ কৰে। এই কাৰ্যসূচীত গহপুৰৰ ১৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দুখন মহাবিদ্যালয়ৰ ছাত্ৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। অনুষ্ঠানত স্থানীয় বিধায়ক উৎপল বৰা, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুত উপস্থিত থাকে।
অসম পর্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আয়োজিত কার্যসূচীত ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে। এই কাৰ্যসূচীত বিশ্ববিদ্যালখনৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা, পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালকে ধৰি ভালেমান ব্যক্তি উপস্থিত থাকে।
গোলাঘাট জিলাত আয়োজিত কার্যসূচীত বিত্ত মন্ত্রী অজন্তা নেওগ আৰু সাংসদ কামাখ্যা প্রসাদ তাছাই ছাত্ৰীসকলক চেক বিতৰণ কৰে। ইফালে জিলাখনৰ মেলাপৰা মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ছাত্ৰীসকলক চেক বিতৰণ কৰে। শোণিতপুৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত আজি এই আঁচনিৰ চেক বিতৰণ কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন শিক্ষানুষ্ঠানত আয়োজিত কার্যসূচীত স্বাস্থ্য মন্ত্রী অশোক সিংহল, সাংসদ ৰঞ্জীত দত্ত, বিধায়ক পদ্ম হাজৰিকা, পৃথ্বীৰাজ ৰাভা আৰু কৃষ্ণ কমল তাঁতী উপস্থিত থাকে।
হোজাই জিলাতো এই আঁচনিৰ চেক বিতৰণ কৰা হয়। হোজাইৰ ছোৱালীৰ মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষে এহেজাৰ ২৬৯ গৰাকী ছাত্ৰীক চেক বিতৰণ কৰে। শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডত আয়োজিত কাৰ্যসূচীত জিলাখনৰ ৬ হাজাৰ ২৭০ ছাত্ৰীক এই আঁচনিৰ চেক বিতৰণ কৰা হয়। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থ, শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য উপস্থিত থাকে। ৰাজ্যৰ মীন, পশুপালন, পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে শ্রীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত স্বামী বিবেকানন্দ মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত ছাত্ৰীসকলক চেক বিতৰণ কৰে। এই আঁচনিৰ অধীনত জিলাখনৰ ১০ হাজাৰ ১৮ গৰাকী ছাত্ৰীক সামৰি লোৱা হৈছে।
 
									