নিযুত ম‍ইনা আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

যোৰহাট জিলাৰ নিযুত ম‍ইনা আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰৰ পৰা প্ৰায় ৫৮খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক ৬ টা ভিন্ন স্থানত ডি ডি বিতৰণ কৰা হ’ব। জিলা আয়ুক্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্তকে ধৰি শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ আৰু জিলাখনৰ প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।