ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব: মুখ্যমন্ত্ৰী

■ ৰাজ্য চৰকাৰে নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। চৰকাৰী চাকৰিকে ধৰি ব্যক্তিগত খণ্ড তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়োগৰ সুযোগ সৃষ্টি কৰি তেওঁলোকক সফলতাৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰা হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। ড° শৰ্মাই নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে এই আঁচনিৰ দ্বিতীয় পৰ্যায়ত পঞ্চম ষান্মাসিকৰ ছাত্ৰী তথা পলিটেকনিক আৰু আই টি আই প্ৰতিষ্ঠানৰ ছাত্ৰীসকলকো সামৰি লোৱা হ’ব বুলি ঘোষণা কৰে।
মুখ্যমন্ত্ৰী ড০ শর্মাই এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে বাল্যবিবাহ ৰোধ হৈছে বুলি উল্লেখ কৰে। তেওঁ বাল্যবিবাহৰ ঘটনাৰ পৰা ৰাজ্যৰ কন্যাসকলক সম্পূৰ্ণৰূপে মুক্ত কৰাৰ দৃঢ় সংকল্পৰ কথা দোহাৰে। ড০ শৰ্মাই বহু বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশ কৰে।