ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰ্ণৰ মাধ্যমৰূপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী

নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰ্ণৰ মাধ্যমৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাক উদ্দেশি দিয়া এটা ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মত ব্যক্ত কৰে। অনুষ্ঠানত নিয়োগ মেলা উদ্যমৰ অধীনত বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। শ্ৰীমোদীয়ে কয় যে অকল এই নিযুক্তি মেলাসমূহৰ জৰিয়তে ১১ লাখৰো অধিক নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে লগতে ৩ কোটি ৫০ লাখ যুৱক-যুৱতীক কৰ্মসংস্থানৰ সুযোগ প্ৰদানৰ লক্ষ্যৰে বিকশিত ভাৰত যোজনা মুকলি কৰে। শ্ৰীমোদীয়ে কয় যে বিগত ১১ বছৰত দেশ বিকশিত ভাৰত গঢ়াৰ সংকল্পৰে আগবাঢ়িছে আৰু এই ক্ষেত্ৰত যুৱক-যুৱতীসকলে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে কয় যে বিজেপি-এনডিএ চৰকাৰে যুৱ প্ৰজন্মক সবল কৰি তোলাত অগ্ৰাধিকাৰ দি আহিছে। ষ্টীল ইণ্ডিয়া মিছনৰ লেখিয়া অভিযানসমূহৰ অধীনত যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু ৰাষ্ট্ৰীয় সংস্থান সেৱা মঞ্চৰ লেখিয়া উদ্যমসমূহে যুৱ প্ৰজন্মক নতুন সুযোগৰ সৈতে সংযুক্ত কৰিছে বুলি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে কয় যে অকল এই মঞ্চৰ জৰিয়তে ৭ কোটিৰো অধিক খালী পদৰ তথ্য যুৱক- যুৱতীসকলৰ সৈতে বিনিময় কৰা হৈছে। শ্ৰীমোদীয়ে লগতে যুৱ প্ৰজন্মৰ বাবে বৃহৎ পদক্ষেপ পৰিগণিত হোৱা প্ৰতিভা সেতু পোৰ্টেলৰ বিষয়েও উল্লেখ কৰে।

প্রধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ যুৱ প্ৰজন্মৰ শক্তিক ৰাষ্ট্ৰৰ সবাতোকৈ বৃহৎ শক্তি বুলি গণ্য কৰে। তেওঁ কয় যে দেশৰ যুৱক- যুৱতীসকলৰ বিষয়ে বিবেচনা কৰিয়েই ভাৰতৰ বিদেশ নীতি প্রস্তুত কৰা হৈছে। তেওঁ লগতে কয় যে ভাৰতৰ কুটনৈতিক আলোচনা আৰু গোলকীয় বুজাবুজিৰ চুক্তিতো যুৱ প্ৰজন্মৰ প্ৰশিক্ষণ, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।