ৰাজ্যৰ শিক্ষা বিভাগে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৪৫০০টা খালী শিক্ষক পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই ক্ষেত্ৰত প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ইতিমধ্যে শিক্ষক পদৰ বাবে পূর্বে অনুষ্ঠিত পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলৰ নথি পৰীক্ষণৰ কাম কাইলৈ আৰম্ভ কৰিব বুলি প্রকাশ কৰে। উল্লেখযোগ্য যে নিম্ন প্রাথমিকত ২৯০০ আৰু উচ্চ প্রাথমিকত ১৬০০ পদৰ বাবে চলিত বৰ্ষৰ জানুৱাৰীত বিজ্ঞাপন প্রকাশ পাইছিল। ৪২ হাজাৰ প্রার্থীয়ে আবেদন কৰাৰ পাছত ৪৫০০ পদৰ বিপৰীতে পৰীক্ষাত উত্তীর্ণ প্রার্থী বাছনি কৰা হৈছিল। প্রাথমিক শিক্ষা সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰা মতে প্রথমে দিব্যাংগ প্রার্থীসকলৰ বাবে সংৰক্ষিত ৪০২টা পদৰ বিপৰীতে উত্তীর্ণ প্রার্থীৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ’ব। ইয়াৰ পাছতে অন্যান্য প্রার্থীসকলৰ নথি পৰীক্ষণ কৰা হ’ব। চলিত মাহতে আনুষ্ঠানিকভাবে প্রাথমিক শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। সেই অনুসৰি প্ৰাৰ্থীৰ নথি পৰীক্ষণৰ কাম ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে শিক্ষা বিভাগে তৎপৰতা চলাইছে। চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ পদৰ বাবে বাছনি লাভ কৰা প্ৰাৰ্থীসকলক অহা ২০ নৱেম্বৰত নিযুক্তি পত্র বিতৰণ কৰা হ’ব।
Site Admin | November 16, 2025 11:59 AM | Teacher's Appointment
নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৪৫০০টা খালী শিক্ষক পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব