ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 29, 2025 8:25 PM | ABSU Protest

printer

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

২০২০ চনৰ বড়ো চুক্তিৰ সকলো দফা ৰূপায়ণৰ দাবীৰে আজি নিখিল বড়ো ছাত্ৰ সন্থা, এবছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰত বডোফা শিশু উদ্যানৰ পৰা প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰলৈ সমদল উলিয়ায়। এবছুৱে কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আবছুৰ সভাপতি দীপেন বড়োৱে সাংবাদিকৰ আগত সংসদৰ শীতকালীন অধিৱেশনত ১২৫ সংখ্যক সংবিধান সংশোধনী বিধেয়কত অনুমোদন জনাবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায়।
চিৰাং জিলাতো নিখিল বড়ো ছাত্ৰ সন্থাৰ জিলা গোটৰ উদ্যোগত কাজলগাঁও বজাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিওৱা হয়। ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বি টি আৰ চুক্তিৰ বাকী থকা প্ৰধান দফাসমূহ পূৰণ কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনোৱা হয় ৷
আবছুৱে উত্থাপন কৰা দাবীসমূহৰ ভিতৰত – সংবিধানৰ ২৮০ নম্বৰ অনুচ্ছেদৰ সংশোধন, বি টি চিৰ বাহিৰত থকা বড়ো-কছাৰী লোকসকলৰ বাবে গঠিত স্বায়ত্ত শাসিত পৰিষদক পূৰ্ণ পৰ্যায়ৰ স্বীকৃতি প্রদান, বি টি আৰৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পৰা অতিৰিক্ত গাঁও বি টি আৰত অন্তৰ্ভুক্তিকৰণ, বন অধিকাৰ আইন-২০০৬ৰ অধীনত জনজাতীয় লোকক ভূমিপট্টা প্রদান আদিও আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।