যক্ষ্মা মুক্ত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজভৱনত আয়োজিত এটি বিশেষ অনুষ্ঠানত কামৰূপ মহানগৰ আৰু নগাওঁ জিলাৰ এশগৰাকী যক্ষ্মা ৰোগীৰ চিকিৎসাৰ দায়িত্ব গ্রহণ কৰে। উল্লেখযোগ্য যে ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৫ গৰাকী যক্ষ্মা ৰোগীলৈ খাদ্য সামগ্রী বিতৰণ কৰি ৰাজ্যপালগৰাকীয়ে পূর্বে এই কথা ঘোষণা কৰিছিল। আজি শ্ৰীআচাৰ্যই স্বাস্থ্য সেৱাৰ উন্নীতকৰণৰ ক্ষেত্ৰত সামূহিক অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰি কয় যে দেশৰ জনস্বাস্থ্যৰ ক্ষেত্ৰত যক্ষ্মা এতিয়াও বৃহৎ প্ৰত্যাহ্বান হৈ আছে। সমন্বিত প্ৰচেষ্টা, সহানুভুতি আৰু বহনক্ষম সামুহিক অংশীদাৰিত্বৰে এই সমস্যাৰ সমাধান কৰি দেশক যক্ষ্মামুক্ত কৰিব পাৰি বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এশগৰাকী যক্ষ্মা ৰোগীৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰাটোৱে ব্যক্তিগত দায়িত্ব আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ লগতে যক্ষ্মা নির্মূলকৰণৰ ক্ষেত্ৰত চিকিৎসা সেৱাৰ সমানে সামাজিক আৰু আৱেগিক সহযোগ কিমান গুৰুত্বপূৰ্ণ সেই কথাকো প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মা নির্মূলকৰণক গণ আন্দোলন লেখিয়া বুলিও তেওঁ উল্লেখ কৰে। অসমে যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ ক্ষেত্ৰত ৯০ শতাংশ সফলতা লাভ কৰি দেশৰ ভিতৰতে উল্লেখনীয় স্থান অধিকাৰ কৰিছে বুলিও তেওঁ কয়। তেওঁ লগতে এশ দিনীয়া যক্ষ্মামুক্ত ভাৰত অভিযানৰ প্ৰশংসা কৰাৰ লগতে ৰাজভৱন আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত চলি থকা সজাগতা কাৰ্যসূচীসমূহৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে ২০২২ চনৰ ৯ চেপ্তেম্বৰত নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰে পৰা অসমে ২১ হাজাৰ ছশগৰাকী নিক্ষয় মিত্ৰ পঞ্জীয়ন কৰিছে। এই লোকসকলে যক্ষ্মা ৰোগীসকলক সৰ্বাত্মক সেৱা আগবঢ়োৱাৰ উপৰি তেওঁলোকৰ সামাজিক অংশগ্ৰহণ আৰু আৱেগিক নিৰাপত্তা সুনিশ্চিত কৰিছে বুলিও ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰে ।
Site Admin | October 22, 2025 7:27 PM | Assam Governor
নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজভৱনত বিশেষ অনুষ্ঠান