October 4, 2024 6:40 PM | President visit

printer

নিকা আৰু সুস্থ সমাজৰ বাবে আধ্যাত্মিকতা শীৰ্ষক গোলকীয় সন্মিলন উদ্বোধন ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাজস্থানত এখন নিকা আৰু সুস্থ সমাজৰ বাবে আধ্যাত্মিকতা শীৰ্ষক এখন গোলকীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমতী মুৰ্মুৱে কয় যে, আধ্যাত্মিকতাৰ জৰিয়তে কেৱল ব্যক্তিগত জীৱনৰে নহয়, সমাজ তথা পৃথিৱীয়ে সম্প্রতি সন্মুখীন হোৱা বিভিন্ন সমস্যাও সমাধন কৰিব পৰা যায়। এই সন্মিলনখন আবু ৰোডত ব্ৰহ্মকুমাৰী সংস্থানে আয়োজন কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয় যে, পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বর্তমান মানৱীয় প্ৰমূল্যৰ অৱনতী ঘটাৰ সময়ত শান্তি আৰু একতাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে। তেওঁ কয় যেয বর্তমান পৃথিৱী জলবায়ু, প্ৰদূষণ আৰু গোলকীয় উষ্ণতাৰ কু-প্ৰভাবৰ গ্ৰাসত পৰিছে। এনে কঠিন সময়ত এই প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’বলৈ সকলোৱে যথাসম্ভৱ প্ৰচেষ্টা কৰাটো আমাৰ দায়িত্ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ ভাৰত চৰকাৰৰ এজোপা গছপুলি মাতৃৰ নামত শীৰ্ষক অভিযানত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।