ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ সিদ্ধান্তক আদৰণি সৰ্বানন্দ সোণোৱালৰ

■ কেন্দ্রীয় মন্ত্রীসভাই কালি নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধক্ষ্যতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ ৪০ শতাংশ, ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ১১ শতাংশ, হিন্দুস্তান উৰ্বৰক এণ্ড ৰাসায়ন লিমিটেডৰ ১৩ শতাংশ, ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ ১৮ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডৰ ১৮ শতাংশ অংশীদাৰিত্ব থাকিব।
কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে। নতুন দিল্লীত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে সাৰ কাৰখানাৰ চতুর্থ গোট স্থাপন কৰাটো অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী আছিল। এই দাবী পূৰণ কৰাৰ বাবে শ্ৰী সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাকো ধন্যবাদ জ্ঞাপন কৰি কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাই বিষয়টো আগবঢ়াই নিয়াত সহায় কৰিছিল।