নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ

শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ নম্বৰ সংযোজিত অঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ কৰিছে। জিলা দণ্ডাধীশ অংকুৰ ভড়ালীয়ে বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে। উদ্ভিদ আৰু বন্য প্রাণী সুৰক্ষাৰ বাবে এই অভয়াৰণ্যসমূহত যিকোনো ধৰণৰ সামুহিক কার্যকলাপ, ৫ জন বা ততোধিক লোকৰ উপস্থিতি আৰু মাছধৰা কাৰ্য নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰৱৰ্তী জাননী নিদিয়া পর্যন্ত বাহাল থাকিব। আদেশ উলংঘা কৰা লোকক আইনৰ অধীনত শাস্তি প্ৰদান কৰা হব বুলিও জিলা প্ৰশাসনে সতৰ্ক কৰি দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।