প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নামিবিয়াৰ ৰাজধানী ৱি হোকত দেশখনৰ ৰাষ্ট্ৰপতি ড০ নেটুম্বো নান্দি উইণ্ডহোকৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত নতুন নতুন ক্ষেত্ৰৰ সহযোগিতাৰ অন্বেষণৰ জৰিয়তে দুয়োখন দেশৰ মাজত অর্থনৈতিক অংশীদাৰীত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ অন্তত স্বাস্থ্য সেৱা আৰু ঔষধ, গোলকীয় জৈৱ ইন্ধন, আন্তঃগাঁঠনি পৰিকাথামো আৰু উদ্যোগী খণ্ডত সহযোগিতাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হয় ৷
প্রধানমন্ত্রী মোদীয়ে এই ভ্ৰমণ কালত দেশখনৰ প্ৰতিষ্ঠাপক তথা প্ৰথম ৰাষ্ট্ৰপতি প্রয়াত ড° ছেম নুজোমালৈ শ্রদ্ধার্ঘ্য নিবেদন কৰিব। শ্রীমোদীক দ্বিপাক্ষিক সম্পর্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ’ব। তদুপৰি ভাৰত আৰু নামিবিয়াৰ মাজৰ সম্পৰ্কৰ এটা উল্লেখনীয় মূহুত্ব হিচাপে শ্রীমোদীয়ে দেশখনৰ সংসদত ভাষণ দিব। এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমখন দক্ষিণ আফ্ৰিকীয় দেশ ভ্ৰমণ। ইয়াৰ পূৰ্বে শ্রীমোদী আজি পুৱা তেওঁৰ ৫খন দেশ ভ্রমণসূচীৰ চূড়ান্ত পৰ্যায়ত উইণ্ডহোকত উপস্থিত হয়। বিমান বন্দৰত তেওঁক দেশখনৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী ছেলমা আশ্বিপালা – মুছােিয় আদৰণি জনায়। প্রধানমন্ত্ৰী মোদীৰ সন্মানার্থে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁক পৰম্পৰাগত গৰ্বা নৃত্যৰে আদৰণি জনোৱা হয় আৰু যোগাভ্যাস প্ৰদৰ্শন কৰা হয়।
Site Admin | July 9, 2025 8:02 PM | PM on Namibia
নামিবিয়াৰ ৰাষ্ট্ৰপতিৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠক