নাজিৰা পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নাজিৰা পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে নাজিৰাৰ গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, যে পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ দ্বাৰা নাজিৰা পৌৰসভাই ৰূপায়ণ কৰা আঁচনিসমূহে নগৰখনৰ সৰ্বাংগীণ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত শিমলুগুৰি পৌৰসভাৰো বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিয়লিৰ ভাগত তেওঁ আমগুৰি পৌৰসভাৰ জাৱৰ নিষ্কাষণ প্ৰকল্প আৰু পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী সংগ্ৰহ কেন্দ্ৰ উদ্বোধন কৰে। ইয়াৰ দ্বাৰা জাৱৰৰ পৰা প্লাষ্টিক, কাঁচ আৰু কাগজৰ দৰে সামগ্ৰীসমূহ পৃথক কৰা হয় আৰু ইয়াৰ পাছত ৱেইষ্ট টু কম্পোষ্ট প্ৰকল্পৰ জৰিয়তে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা পচন সাৰ প্ৰস্তুত কৰা হয়৷ এই দুয়োটা প্রকল্পই প্রদূষণ হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

শ্ৰীমল্লবৰুৱাই লগতে আমগুৰিত নির্মীয়মান পানীযোগান আঁচনিৰো পৰ্যবেক্ষণ কৰে। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত আয়ুষ গার্গ, আমগুৰি পৌৰসভাৰ পৌৰপতি অনামিকা নেওগ বৈশ্যকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।