December 31, 2025 7:35 PM | Union Cabinet Decision

printer

নাছিক-চোলাপুৰ কৰিড’ৰ প্ৰকল্পৰ বাবে কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আজি ওড়িশাত ৩২৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু ৬-লেনযুক্ত নাছিক-চোলাপুৰ কৰিড’ৰ প্ৰকল্পৰ বাবে অনুমোদন দিয়ে। অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্রীয় মন্ত্রীসভাই মহাৰাষ্ট্ৰত ৬-লেনযুক্ত নাছিক-চোলাপুৰ- আক্কালকোট কৰিড’ৰ প্ৰকল্পত অনুমোদন দিছে। ১৯ হাজাৰ ১৪২ কোটি টকা মূলধনী ব্যয়েৰে ৩৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ঘাইপথটো নিৰ্মাণ কৰা হ’ব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই প্রকল্পই কুর্নুলক সংযোগ কৰা নাছিক, অহিল্যানগৰ আৰু চোলাপুৰৰ লেখিয়া গুৰুত্বপূৰ্ণ নগৰসমূহত যোগাযোগ ব্যৱস্থা উন্নত কৰিব।
এই ৬-লেনযুক্ত ঘাইপথ প্ৰকল্পই যাত্ৰাৰ সময় আনুমানিক ১৭ ঘণ্টা হ্ৰাস কৰিব। এই প্রকল্পই ২৫১ লাখ ৬ হাজাৰ প্রত্যক্ষ নিয়োগৰ লগতে ৩১৩ লাখ ৮৩ হাজাৰ পৰোক্ষ নিয়োগ সুযোগ প্ৰদান কৰিব।
কেন্দ্রীয় মন্ত্রীসভাই লগতে ওড়িশাৰ ৩২৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সম্প্ৰসাৰণৰ বাবেও অনুমোদন দিয়ে। এই প্ৰকল্পৰ বাবে এহেজাৰ ৫২৬ কোটি ২১ লাখ টকা ব্যয় কৰা হ’ব। শ্রীবৈষ্ণৱে কয় যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ প্ৰকল্পৰ জৰিয়তে যাতায়াত অধিক দ্রুত, সুৰক্ষিত আৰু অধিক নিৰ্ভৰযোগ্য কৰি তুলিব। মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে গজপতি, ৰায়গড় আৰু কোৰাপুত জিলাকেইখন অধিক লাভান্বিত হ’ব। উন্নত পথ যোগাযোগ ব্যৱস্থাই স্থানীয় যোগাযোগ, উদ্যোগ, শিক্ষা প্ৰতিষ্ঠান আৰু পৰ্যটন কেন্দ্ৰসমূহৰ বাবে বজাৰ, স্বাস্থ্য যতন আৰু নিয়োগ সুযোগ প্ৰদান কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।