উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি অন্ধ্রপ্রদেশৰ পালাসমুদ্ৰমৰ নেচনেল একাডেমী অৱ কাষ্টমছ, ইনডাইৰেক্ট টেক্সেছ এণ্ড নার্কটিক্স-চমুকৈ নাচিনত অসামৰিক সেৱা বিষয়া প্রশিক্ষার্থীসকলক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ সীমাশুল্ক আৰু জি এছ টি, দক্ষতা বিকাশৰ এটা মূল কেন্দ্র হিচাপে শিক্ষানুষ্ঠানখনৰ দ্রুত বিকাশৰ প্ৰশংসা কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে ২০২৪ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নাচিনৰ নতুন চৌহদ উদ্বোধন কৰাৰ বিষয়েও অনুষ্ঠানত স্মৰণ কৰে। ভৱিষ্যতৰ উৎকৃষ্ট বিষয়া হিচাপে দক্ষতাৰ বিকাশৰ ক্ষেত্ৰত এই প্রতিষ্ঠানে গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰি আছে বুলিও তেওঁ কয়। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসামৰিক সেৱাৰ বিষয়াসকলৰ ভূমিকাৰ বিষয়ে ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে দলীয় কর্ম, সামূহিক বিকাশ আদিৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰে। তেওঁ যুৱ বিষয়াসকলক ব্যক্তিগত সাফল্যতকৈ দলগত সফলতাক অধিক গুৰুত্ব দিবলৈও আহ্বান জনায়। অবিৰত শিক্ষণ আৰু সংস্কাৰৰ বাবেও মানসিক প্রস্তুতি চলাবলৈ তেওঁ লগতে প্রশিক্ষার্থীসকলক আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে এ আই, এন এল পি, মেচিন লার্নিং, ব্লক চেইন আদিৰ দৰে নতুন নতুন প্ৰযুক্তিৰ বিষয়ে অৱগত হ’বলৈ প্রশিক্ষার্থীসকলক প্ৰেৰণা যোগায়। কার্যদক্ষতা বৃদ্ধি, স্বচ্ছতা আৰু নাগৰিক সকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত এই আহিলা সমূহে গুৰুত্বপূর্ণ সুযোগ আগবঢ়াই বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে আই গভট কর্মযোগী মঞ্চক যিকোনো ঠাইতে, যিকোনো সময়তে দক্ষতা বিকাশৰ ক্ষেত্ৰত অতি উপযোগী ব্যৱস্থা বুলি মন্তব্য কৰে। এই অনুষ্ঠানত অন্ধ্রপ্রদেশৰ মৰলোকেশৰ লগতে উপৰাষ্ট্ৰপতিৰ সচিব অমিত খাবে, নাচিনৰ সঞ্চালক প্রধান ড° সুব্রমনিয়ামৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | November 23, 2025 7:59 PM | vice president cp radhakrishnan
নাচিনত অসামৰিক সেৱা বিষয়া প্রশিক্ষার্থীসকলক ব্যক্তিগত সাফল্যতকৈ দলগত সফলতাক অধিক গুৰুত্ব দিবলৈও উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আহ্বান