নাগৰিকত্ব সংশোধনী আইন, CAA-ৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। শ্রীভূমি জিলাত বাস কৰা বাংলাদেশৰ চট্টগ্ৰামৰ ৪০ বছৰীয়া এগৰাকী মহিলাক CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্রদান কৰা হৈছে। নাগৰিকত্ব লাভ কৰা মহিলাগৰাকীয়ে ২০০৭ চনত চিকিৎসাৰ বাবে আহি শ্রীভূমিৰ এজন ব্যক্তিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ স্থায়ীভাবে থাকিবলৈ আৰম্ভ কৰিছিল। ২০১৯ চনত CAA গৃহীত হোৱাৰ পিছত নাগৰিকত্বৰ বাবে আবেদন কৰি দীর্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি লাভ কৰে। আনহাতে, শিলচৰৰ এজন ৬১ বছৰীয়া এজন ব্যক্তিও CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।
Site Admin | December 14, 2025 11:33 AM | caa sribhumi
নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব লাভ