নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ কালি ৰাজ্যত বিভিন্ন দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰে। অসম গণ পৰিষদ দলে কালি এখন সংবাদমেল যোগে কয়, যে দলটোৱে এই বিষয়টোক লৈ আইনী যুঁজ চলাই যাব। কেন্দ্ৰীয় চৰকাৰে এই আইনৰ অধীনত আবেদনৰ সময়সীমাৰ ম্যাদ বৃদ্ধি কৰাক লৈ দলৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয়, যে এই নির্দেশে অসম চুক্তিক অৱমাননা কৰিব। অগপই অসম চুক্তিৰ ক্ষেত্ৰত কোনোদিনে আপোচ নকৰে বুলি তেওঁ উল্লেখ কৰে। এন ডি এৰ অংশীদাৰ হ’লেও এই নিৰ্দেশক দলে সমৰ্থন নকৰে বুলি তেওঁ উল্লেখ কৰে।
ডিব্ৰুগড় জিলা সদৰত কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। অসমে বিদেশীৰ বোজা বহন নকৰে বুলি সংগঠনটোৱে প্ৰকাশ কৰে। গোলাঘাটতো কালি সংগঠনটোৰ জিলা সমিতিয়ে জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। একেদৰে ধেমাজি জিলাতো কালি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ আন কেইবাখনো জিলাতো এই আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।
Site Admin | September 7, 2025 12:10 PM | AJYSU | CAA
নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ ৰাজ্যত বিভিন্ন দল-সংগঠনৰ প্রতিবাদ
