August 16, 2025 11:17 AM | Governor Death

printer

নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশন দেহাৱসান

নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ কালি সন্ধিয়া চেন্নাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ। জ্যেষ্ঠ বিজেপি নেতা লা গণেশনক ২০২৩ চনৰ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছিল । ইয়াৰ পূৰ্বে তেওঁ মণিপুৰৰ ৰাজ্যপাল আৰু পশ্চিমবংগৰ অতিৰিক্ত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চেন্নাইত আজি বিয়লি পাঁচ বজাত তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুমু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুমুৱে এটা বাৰ্তাত প্ৰয়াত গণেশনৰ দীঘলীয়া আৰু সমৰ্পিত জনসেৱাক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবার্তাত কয়, যে ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনসেৱাত জীৱন উৎসৰ্গা কৰা শ্ৰী গণেশনক সদায় এগৰাকী জাতিয়তাবাদী ব্যক্তি হিচাপে স্মৰণ কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰয়াত গণেশনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।