ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নাগালেণ্ডৰ কিচামা গাঁৱত হৰ্ণবিল মহোৎসৱ আৰম্ভ

নাগালেণ্ডৰ কহিমাৰ সমীপৰ কিচামা গাঁৱত বহু প্রতিক্ষিত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ হৈছে। ৰূপালী জয়ন্তী বৰ্ষত প্ৰৱেশ কৰা এই মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিভিন্ন নাগা ফৈদৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য বহন কৰা নৃত্য-গীতেৰে উৎসৱস্থলী মুখৰ হৈ পৰিছে। এইবাৰৰ এই হৰ্ণবিল উৎসৱত নাগালেণ্ড চৰকাৰৰ লগতে ৱেলছ, জাপান, পেৰু আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই সহযোগিতা আগবঢ়াইছে। ছিকিম আৰু তেলেংগানায়ো ১০ দিনীয়া এই মহোৎসৱত সহযোগিতা আগবঢ়াইছে। মহোৎসৱৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত ৱেলছ, জাপান, পেৰু আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতস্থিত ৰাষ্ট্ৰদূতসকলক সম্বৰ্ধনা জনোৱা হৈছে। বিশিষ্ট সংগীত শিল্পী এ আৰ ৰহমানে এই উদ্বোধনী অনুষ্ঠানত গীত পৰিবেশন কৰাৰ বাবে উপস্থিত হৈছে। নিজৰ ভাষণত শিল্পীগৰাকীয়ে নাগালেণ্ডৰ সংস্কৃতি আৰু জীৱনশৈলীৰ প্ৰশংসা কৰে।