December 2, 2025 12:11 PM | Hornbil Festival

printer

নাগালেণ্ডত কালিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ

নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত কালিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱত ৰাজ্যখনৰ লোক কথা, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বর্ণাঢ্য সংস্কৃতিক প্রদর্শন কৰা হৈছে। কিচামা গাঁৱৰ ইউনিটি প্লাজাত কালি বিয়লি চাৰি বজাত উদ্বোধনী কার্যসূচী অনুষ্ঠিত হয়। নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই বছৰ ব্রিটেইন আয়াৰলেণ্ড, ফ্রান্স, অস্ট্রিয়া, মাল্টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্রদেশে সহযোগী ৰাজ্য হিচাপে যোগদান কৰিছে। হর্নবিল মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে যে, এই মহোৎসবে নাগাসকলৰ চহকী সংস্কৃতি আৰু বিচিত্রতা প্রকাশ কৰে। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিতাই হর্নবিল মহোৎসৱ নাগাসকলৰ জীৱন আৰু জীৱিকাৰ লগতে সংস্কৃতি প্রতিফলন আৰু আগুৱাই নিয়াৰ মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে। সন্ধিয়াৰ ভাগলৈ আয়োজিত হোৱা সাংস্কৃতিক অনুষ্ঠানে সকলোৰে দৃষ্টি আকর্ষণ কৰে। প্রায় দুই দশক পূর্বে পর্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হর্নবিল মহোৎসৱ বর্তমান বিশ্বৰ অন্যতম আকর্ষণীয় সাংস্কৃতিক মহোৎসব হিচাপে পৰিগণিত হৈছে।