ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত লখিমপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ

লখিমপুৰ জিলা প্ৰশাসনে আজি নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রশাসনে ফুকনদলনিৰ ১১৪টা পৰিয়াললৈ জাননী জাৰি কৰিছিল। উচ্ছেদৰ পূৰ্বে ৯০ শতাংশ পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অইন স্থানলৈ আঁতৰি যায়। জিলাখনত ৩ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্রশাসনে লক্ষ্য লৈছে।
ইপিন, গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগ কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰীবিলত উচ্ছেদ চলাব। প্রায় ৭০খন এস্কেভেটৰৰ লগতে কেইবা শতাধিক বন কৰ্মী, আৰক্ষী আৰু প্ৰশাসনৰ লোক উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে। অঞ্চলটোত জাননী লাভ কৰা অধিকাংশ পৰিয়ালে উচ্ছেদৰ পূৰ্বে বয়-বস্তু সামৰি নেঘেীবিল ত্যাগ কৰিছে। ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৪ আগষ্ট পর্যন্ত উচ্ছেদ অভিযানৰ পৰা সকাহ প্ৰদান কৰা নেঘ্ৰেীবিলৰ ৫৯টা পৰিয়ালক চিনাক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে ঘৰে ঘৰে গৈ জৰীপ আৰম্ভ কৰিছে। বন বিভাগৰ লোকে প্ৰতিটো পৰিয়ালৰ দেৱালত ক্ৰমিক নম্বৰ লিখি ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰা পৰিয়ালসমূহ চিনাক্ত কৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে নেঘেৰীবিলত উচ্ছেদ হবলগীয়া ২০৫টা পৰিয়ালৰ ভিতৰত ৭৪টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নেঘ্ৰেৰীবিলৰ ৫৯টা আৰু নামবৰ বনাঞ্চলৰ ১৫টা পৰিয়াললৈ সাময়িকভাৱে সকাহ দিছিল আৰু পৰিয়ালকেইটাৰ বাবে উচ্ছেদৰ সয়সীমা ১৪ আগষ্টলৈ বৃদ্ধি কৰিছিল।