ডাউনলোড
মোবাইল এপ

android apple
signal

নাওবৈচাৰ কলিতা গাঁৱত পঞ্চায়ত প্ৰতিনিধিৰ সভাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ তেলাহী খণ্ডৰ অন্তৰ্গত কলিতা গাঁৱত পঞ্চায়ত প্ৰতিনিধিসকলৰ এখন সভাত ভাগ লয়। সভাত সাংসদ প্রদান বৰুৱা আৰু বিধায়ক নৱ কুমাৰ দলে উপস্থিত থাকে। এই সভাতে অহা ২৯ আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহৰ পঞ্চায়ত সন্মিলনত অংশগ্ৰহণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্তেম্বৰৰ পৰা পালন কৰিবলগীয়া সেৱা সপ্তাহৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। ডাঃ পেগুৱে পঞ্চায়ত প্রতিনিধি তথা দলীয় কর্মকৰ্তাসকলক তেওঁলোকৰ সক্রিয় অংশগ্রহণেৰে এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে সাংগঠনিক পৰ্যায়ত সাজু হ’বলৈ আহ্বান জনায়।
হোজাই জিলাতো আজি আৱৰ্ত ভৱনত অনুষ্ঠিত এখন সভাত মন্ত্ৰী কেশৱ মহন্তই প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসমৰ ভ্ৰমণৰ সৈতে জড়িত বিভিন্ন কাৰ্যসূচীৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।