নলবাৰী জিলাত ১৭৬ গৰাকী শিক্ষকক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ নিযুক্তি পত্ৰ প্ৰদান

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰী জিলাত মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ ১৭৬ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰে। নলবাৰী জিলা পুথিভঁড়াল প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানতে ৮০ গৰাকী শিক্ষাৰ্থীৰ মাজত ড° বাণীকান্ত কাকতি মেধা বঁটা বিতৰণ কৰা হয়। অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক বিদ্যালয়ৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায়। চৰকাৰী শিক্ষা ব্যৱস্থাৰ প্রচলিত ধাৰণাক মষিমূৰ কৰি পৰিৱৰ্তন সাধনৰ বাবে শিক্ষকসকল আগবাঢ়ি অহাৰ হকে মন্ত্ৰীগৰাকীয়ে মত পোষণ কৰে। শ্রীমল্ল বৰুৱাই ২০ৰ পৰা ২৫ গৰাকী শিক্ষার্থীৰ বিপৰীতে এজনকৈ মেণ্টৰ শিক্ষক নিয়োগ কৰি ঘৰুৱাভাৱেও ছাত্র-ছাত্রীসকলৰ শৈক্ষিক দিশৰ বুজ লোৱাৰ বাবে পদক্ষেপ ল’বলৈ বিদ্যালয়সমূহক আহ্বান জনায়। একেটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক গ্রামীণ জীবিকা অভিযানৰ ৬৫ গৰাকী জীবিকা সখীক সখী এক্সপ্ৰেছৰ অধীনত স্কুটি বিতৰণ কৰে। শ্রীমল্ল বৰুৱাই গ্রামাঞ্চলৰ সখীসকলৰ দৰে নগৰাঞ্চলৰ জীৱিকা সখীসকলকো শীঘ্রেই স্কুটী প্রদান কৰা হ’ব বুলি উল্লেখ কৰে।

আজিৰ অনুষ্ঠানত নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৌৰসভাৰ অধ্যক্ষকে ধৰি কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।