ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 30, 2025 11:30 AM | Dacoit

printer

নলবাৰীৰ ম’হখুলিত যোৱা নিশা হোৱা ডকাইতিৰ ঘটনাত এজন লোক নিহত

নলবাৰী জিলাৰ ম’হখুলিত যোৱা নিশা হোৱা ডকাইতিৰ ঘটনাত এজন লোক নিহত হয়। ডকাইতৰ আক্ৰমণত নিহত লোকজন গাঁওখনৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰমোদ বৰ্মন বুলি আমাৰ সংবাদদাতাই জনাইছে। বৰ্মনৰ পৰিয়ালটোৱে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়তে তিনিজনীয়া ডকাইতৰ দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লুটপাত চলোৱাৰ লগতে প্রমোদ বৰ্মনক ডিঙি চেপি হত্যা কৰে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।