ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নলবাৰীত ১৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগ চিকিৎসালয়ৰ আধাৰশিলা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীত ১৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয়, যে টাটা প্ৰতিষ্ঠানৰ সহযোগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত হবলগীয়া এই চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব আৰু ইয়াৰ ফলত জিলাখন তথা ইয়াৰ কাষৰীয়া অঞ্চলৰ ৰোগীসকল উপকৃত হ’ব। তেওঁ কয়, যে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ কৰ্মচাৰীসকলে ফেব্ৰুৱাৰীৰ পৰা ঘৰে ঘৰে গৈ ৰোগী অনাৰ ব্যৱস্থা কৰিব। আজিৰ অনুষ্ঠানত নলবাৰী চহৰৰ সোণপুৰ অঞ্চলৰ ৫০ বছৰ বা তাতকৈ অধিক সময়ৰ বাবে বাস কৰি অহা পৰিয়ালসমূহক মাটিৰ দখলীস্বত্ত প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ ফলত এই লোকসকলক চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে আবেদন কৰিবলৈ যোগ্য হৈ উঠিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।