ডাউনলোড
মোবাইল এপ

android apple
signal

August 22, 2025 7:56 PM | Cheque Distribution

printer

নলবাৰীত আত্মসহায়ক গোটৰ সদস্যাসকললৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চেক প্ৰদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যাসকললৈ চেক প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বিগত এক এপ্ৰিলত বিহালী সমষ্টিত অনুষ্ঠিত এটা কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে এই অভিযানৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিছিল। নলবাৰীৰ পি এম শ্রী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত আজি অনুষ্ঠানত আত্মসহায়ক গোটৰ অৰ্হতা সম্পন্ন মহিলাসকলক প্ৰাৰম্ভিক মূলধন হিচাপে ১০ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ উদ্যমিতা পুঁজি প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলক অর্থনৈতিকভাৱে সৱল কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই অভিযান আৰম্ভ কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ চহৰ আৰু গ্রামাঞ্চলত ৪ লাখ আত্মসহায়ক গোট আৰু এই গোটসমূহৰ সৈতে প্ৰায় ৪০ লাখ মহিলা জড়িত হৈ আছে। এই মহিলাসকলৰ উদ্যমিতাৰ বাবদ ৰাজ্য চৰকাৰৰ ৩ হাজাৰ ৩৮ কোটি টকা ব্যয় হ’ব বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে এই ধনৰাশিৰে হিতাধিকাৰী মহিলাসকলে নিজাববীয়াকৈ অথবা গোটৰ আন আন সদস্যসকলৰ সৈতে যৌথভাৱে ব্যৱসায় কৰিব পাৰিব। এই পুঁজিৰ সদ্ ব্যৱহাৰ কৰা মহিলাসকলক পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেঁও কয় যে ইয়াৰে ১৫ হাজাৰ টকা ৰাজ্য চৰকাৰে আৰু ১০ হাজাৰ টকা বেংকৰ জৰিয়তে প্ৰদান কৰা হ’ব ।
উল্লেখযোগ্য যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্প আদি ক্ষেত্ৰত গ্ৰামাঞ্চলৰ ৩০ লাখতকৈও অধিক আৰু নগৰাঞ্চলৰ ২ লাখ আত্মসহায়ক গোটৰ সদস্যাক পুঁজি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।