নলবাৰীত আকাশবাণী গুৱাহাটীৰ স্বাধীনতা সংগীত সন্মিলন শীৰ্ষক শাস্ত্রীয় আৰু লোকসংগীতৰ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য সুঁৱৰি আয়োজন কৰা স্বাধীনতা সংগীত সন্মিলন শীৰ্ষক শাস্ত্রীয় আৰু লোকসংগীতৰ অনুষ্ঠান নলবাৰী জিলা পুথিভঁৰালত কালি অনুষ্ঠিত হৈ যায়। আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক প্রধান আশিষ কুমাৰ ভাটনাগৰে বন্তি প্ৰজ্বলেনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে, আকাশবাণী গুৱাহাটী কেন্দ্ৰই সদায় সামাজিক দায়বদ্ধতা বৰ্তাই ৰাখি কাম কৰি আহিছে। অনুষ্ঠানত উপস্থিত থাকি নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই কয় যে, আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিভিন্ন অনুষ্ঠানৰ জৰিয়তে শ্রোতাসকলক তথ্যৰ যোগান ধৰি আহিছে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান কাৰ্যবাহী অসীম কুমাৰ কাজিয়েও ভাষণ প্রদান কৰে।