নতুন শ্রম সংহিতাই পশ্চিমবংগৰ দাৰ্জিলিং, টেৰাই আৰু দুৱাৰ অঞ্চলৰ চাহ আৰু চিনকোনা শ্ৰমিকসকলৰ জীৱন সলনি কৰিব বুলি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মণ্ডাভিয়াই প্রকাশ কৰিছে। চাহ আৰু চিনকোনা শ্রমিকসংঘৰ নেতা আৰু অংশীদাৰসকলৰ সৈতে মতবিনিময় কৰি শ্ৰীমণ্ডাভিয়াই কয় যে এই ঐতিহাসিক অঞ্চলটোৰ শ্রমিকসকলে দশকজুৰি পুৰণি ঔপনিবেশিক শাসনকালৰ প্ৰথাৰ দ্বাৰা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। পশ্চিমবংগ চৰকাৰক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰখনে চাহ আৰু চিনকোনাৰ শ্ৰমিকসকলক সন্মানজনক মজুৰি আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমিৰ পৰা বঞ্চিত ৰখাৰ লগতে প্রাথমিক সা-সুবিধাসমূহো প্রদান কৰা নাই। তেওঁ কয় যে নতুন বিধিয়ে কোনো শ্রমিকে যাতে ৰাষ্ট্ৰীয় ন্যূনতম মজুৰিতকৈ কম মজুৰি লাভ নকৰে তাক নিশ্চিত কৰিছে আৰু পশ্চিমবংগৰ চৰকাৰেও ইয়াক কাৰ্যকৰী কৰিবলৈ বাধ্য।
Site Admin | January 4, 2026 8:35 PM | mansukh-mandaviya told about Tea and Cinchona worker
নতুন শ্রম সংহিতাই পশ্চিমবংগৰ চাহ আৰু চিনকোনা শ্ৰমিকসকলৰ জীৱন সলনি কৰিব বুলি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মণ্ডাভিয়াৰ প্রকাশ