ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 22, 2025 12:07 PM | Amit Shah for Labour

printer

নতুন শ্রম বিধি ৰূপায়ণৰ বাবে দেশৰ শ্ৰমিকলৈ অভিনন্দন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সমগ্ৰ দেশজুৰি নতুন শ্রম বিধি ৰূপায়ণৰ বাবে দেশৰ শ্ৰমিকসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্রী শ্বাহে কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰস্তুত কৰা এই শ্রম বিধি, শ্রম আইনৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি দেশৰ শতিকাপুৰণি শ্রম আইনৰ সৰলীকৰণৰ উদ্দেশ্যে চাৰিখন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই কয় যে এই নতুন শ্রম বিধিয়ে দেশৰ কৰ্মশক্তিৰ কল্যাণৰ লগতে উপযুক্ত মজুৰি সুৰক্ষা তথা সামাজিক নিৰাপত্তা নিশ্চিত কৰিব। মজুৰি বিধি ২০১৯, ঔদ্যোগিক সম্পর্ক বিধি ২০২০, সামাজিক নিৰাপত্তা বিধি ২০২০ আৰু জীৱিকাৰ সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মপৰিবেশ বিধি ২০২০ কালিৰে পৰা কাৰ্যকৰী হৈছে। এই বিধিকেইখনে সকলো শ্রমিককে সময় মতে ন্যূনতম মজুৰি আদায় দিয়া, যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা, মহিলাক সন্মান তথা সমান হাৰত মজুৰি দিয়া, ৪০ কোটি শ্রমিকৰ বাবে সামাজিক নিৰাপত্তাৰ ব্যৱস্থা কৰা, এটা নিৰ্দিষ্ট কালৰ বাবে চাকৰিত মকৰল কৰাসকলক চাকৰি কাল এবছৰ সম্পূৰ্ণ হ’লে গ্ৰেচ্যুইটি প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ লগতে ৪০ বছৰ উৰ্ধৰ কৰ্মচাৰীসকলৰ বিনামূলীয়াকৈ প্ৰতিবছৰে স্বাস্থ্য পৰীক্ষা কৰাৰ ওপৰঞ্চি কামৰ বাবে মজুৰিৰ ব্যৱস্থা, বিপজ্জনক কামত নিয়োজিত শ্রমিকৰ বাবে সম্পূর্ণ স্বাস্থ্য সুৰক্ষাৰ ব্যৱস্থা কৰা আৰু সকলো শ্রমিককে আন্তঃৰাষ্ট্ৰীয় মানৰ সামাজিক ন্যায়ৰ নিশ্চিতি দিয়াৰ কথাও এই সংস্কাৰত সামৰি লোৱা হৈছে।