January 4, 2026 7:55 AM | Amit Shah

printer

নতুন ফৌজদাৰী আইনে ২০২৯ চনৰ ভিতৰত চেচন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈকে সময় নিৰ্ধাৰিত ন্যায় নিশ্চিত কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ

২০২৯ চনৰ ভিতৰত চেচন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈ তিনিখন নতুন ফৌজদাৰী আইনে সময় নির্ধাৰিত ন্যায় সুনিশ্চিত কৰিব। কালি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰী বিজয়া পুৰমত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ অধ্যক্ষতা কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এইদৰে কয়। নতুন ফৌজদাৰী আইনকেইখনে তদন্ত ত্বৰান্বিত কৰাৰ লগতে দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি কৰিছে বুলিও শ্রী শ্বাহে উল্লেখ কৰে। তেওঁ কয় যে ২০১৯ চনৰ পৰা গৃহ মন্ত্ৰালয়ে সংসদীয় পৰামৰ্শদাতা সমিতিৰ ১২খন বৈঠক অনুষ্ঠিত কৰিছে আৰু ইয়াৰ ফলত ইতিবাচক ফলাফল পোৱা গৈছে। শ্ৰী শ্বাহে লগতে কয় যে ২০২১ চনত দেশত কোনো ভ্রাম্যমাণ ফৰেনছিক লেব নাছিল, আৰু আজি এই সংখ্যাই ১০০০ অতিক্ৰম কৰিছে৷ সমগ্ৰ দেশতে ফৰেনছিক লেবৰ নেটৱৰ্ক স্থাপনৰ বাবে অহা পাঁচ বছৰত ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ২০২৯ চনৰ ভিতৰত দেশৰ প্ৰতিখন ৰাজ্যতে ফৰেনছিক বিশ্ববিদ্যালয় বা কেন্দ্রীয় ফৰেনছিক লেবৰেটৰী স্থাপন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।