December 30, 2025 8:32 PM | PM Modi at NITI Aayog

printer

নতুন দিল্লীৰ নিটি আয়োগত বিশিষ্ট অর্থনীতিবিদ আৰু খণ্ড বিশেষজ্ঞসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মত-বিনিময়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ নিটি আয়োগত বিশিষ্ট অর্থনীতিবিদ আৰু খণ্ড বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰে আৰু ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দর্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ বিচাৰে। এই বৈঠকে দেশৰ অৰ্থনৈতিক স্থিতি আৰু ভৱিষ্যতৰ অগ্ৰাধিকাৰ সন্দৰ্ভত মতামত আগবঢ়োৱা আৰু মূল্যায়ণৰ বাবে মঞ্চ হিচাপে কাম কৰিব। বৈঠকত অর্থ-ব্যৱস্থাৰ সুদৃঢ়কৰণ, বিকাশ ত্বৰান্বিত কৰা আৰু নতুন প্রত্যাহ্বান দূৰ কৰাৰ বাবে প্রয়োজনীয় সংস্কাৰ সম্পৰ্কে আলোচনা কৰা হয়। নিটি আয়োগে আয়োজন কৰা এই কথোপকথনৰ জৰিয়তে পৰৱৰ্তী পৰ্য্যায়ৰ অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰস্তুতিৰ বাবে চৰকাৰে বহুমূলীয়া দিহা পৰামৰ্শ লাভ কৰিব বুলি আশা কৰা হৈছে। বৈঠকত কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণ, নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী, মুখ্য কার্য্যবাহী বিষয়া বি ভি আৰ সুৱমণ্যম আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।