August 6, 2025 8:16 PM

printer

নতুন দিল্লীৰ কৰ্তব্য পথত তৃতীয় কৰ্তব্য ভৱন মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত তৃতীয় কৰ্তব্য ভৱন মুকলি কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে লগতে নতুন ভৱনটো পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে প্ৰতিগৰাকী লোকক সেৱা প্ৰদান কৰাৰ বাবে এই ভৱনটোৱে কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতা আৰু নিৰৱচ্ছিন্ন প্ৰয়াসৰ কথা প্ৰতিফলিত কৰে। তেওঁ কয় যে এই ভৱনটোৱে জনসাধাৰণৰ বাবে কেৱল চৰকাৰৰ নীতি আৰু আঁচনিসমূহ সুকলমে ৰূপায়ণ কৰাই নহয়, ই দেশৰ বিকাশৰ ক্ষেত্ৰত এটা নতুন গতি প্রদান কৰিব। শ্রীমোদীয়ে থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই ভৱনটো দেশৰ বাবে মুকলি কৰি গৌৰৱ অনুভৱ কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে এই কৰ্তব্য ভৱনটোৱে আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁ ভৱনটো নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতেও মত-বিনিময় কৰে। পৰিবেশ সুৰক্ষাৰ সকলো ধৰণৰ মান ৰক্ষা কৰি চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত এই ভৱনটো নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালও অনুষ্ঠানত উপস্থিত থাকে। সুপ্রশাসন আৰু প্ৰশাসনিক কাম- কাজসমূহ ৰূপায়িত কৰাৰ বাবে নিৰ্মাণ কৰিবলগীয়া ভালেমান সচিবালয় ভৱনৰ এইটো হৈছে প্ৰথম ভৱন।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।