ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 5, 2025 11:38 AM | Beloved Zubeen Garg

printer

নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰাৰ প্ৰতিবেদন  ১০ অক্টোবৰত লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰাৰ প্ৰতিবেদন অহা ১০ অক্টোবৰত লাভ কৰিব পৰা যাব আৰু ইয়াৰ পাছতেই মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্রতিবেদন চিকিৎসকে দাখিল কৰিব। এই প্ৰতিবেদনৰ পিছতহে শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰকৃত তথ্য পোৱা যাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ পত্নী গৰিমা গাৰ্গ আৰু পৰিয়ালক সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এগৰাকী অভিযুক্তইহে নিজৰ ভাষ্যত জুবিন গাৰ্গক বিহপান কৰোৱা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও এয়া আৰক্ষীৰ ভাষ্য নহয়। এই ভাষ্য প্ৰদানত কোনো উদ্দেশ্য থাকিব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে এই তদন্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ঘটনাৰ সময়ত উপস্থিত থকা ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক অসমলৈ আহিবৰ বাবে মানসিক হেঁচা প্ৰয়োগ কৰিবলৈও সকলোকে আহ্বান জনায়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰে। এই আয়োগে ঘটনাটোৰ সকলো দিশ চালি-জাৰি চাবলৈ সাক্ষ্য প্ৰমাণ আৰু শপতনামা গ্ৰহণ কৰিব। ইপিনে জি এম চি এইচত কৰা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কালি আদালতত দাখিল কৰাৰ লগতে শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গক অৰ্পণ কৰা হৈছিল যদিও শ্ৰীমতী গাৰ্গে সেয়া আৰক্ষীক ওভতাই দিয়ে। তদন্ত নিয়াৰিকৈ সম্পন্ন হোৱাৰ স্বাৰ্থত এই প্রতিবেদন আৰক্ষী আৰু আদালতৰ ওচৰত থকা উচিত বুলি তেওঁ অনুভৱ কৰাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় বিচাৰ দাবী কৰে। এছ আই টিয়ে কালি গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্ৰহণ কৰে। তদন্তকাৰী বিষয়া মৰমী দাসে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰে। এই ঘটনা সন্দৰ্ভত কালি এছ আই টিয়ে জুবিন গাৰ্গৰ সহশিল্পী ছুইটি দাস, সাংবাদিক প্রণয় বৰদলৈ, সাংবাদিক সাৰস্বত গোস্বামীৰো ভাষ্য গ্ৰহণ কৰে। এছ আই টিৰ তদন্তকাৰী বিষয়াই কালি জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চতুৰ্থবাৰলৈ জেৰা কৰে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা শেখৰ জ্যোতি গোস্বামী, অমৃতপ্রভা মহন্তৰ লগতে মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিশেষ তদন্তকাৰী গোটে সোধা-পোছা অব্যাহত ৰাখিছে। ইয়াৰ লগতে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ’চিয়েছনৰ ১১ জন সদস্যক অহা ৬ অক্টোবৰৰ ভিতৰত হাজিৰ হ’বলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে।