প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰতে উদ্ভাৱন আৰু প্ৰযুক্তি বিকাশক প্ৰসাৰিত কৰাৰ লগতে ঘৰুৱা কোম্পানীসমূহক উপযুক্ত সুবিধা প্রদান কৰি শক্তিশালী প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। তেওঁ কয়, দেশখনে পঞ্চম প্রজন্মৰ যুদ্ধ বিমান নিৰ্মাণৰ লগতে বিমানখনৰ ইঞ্জিন নিৰ্মাণৰ দিশত আগবাঢ়িছে। তেওঁ কয় যে, ফ্ৰান্সৰ ছাফ্ৰান নামৰ প্ৰতিষ্ঠানটোৰ সহযোগত ভাৰতে দেশীয়ভাৱে ইঞ্জিন নিৰ্মাণৰ কাম আৰম্ভ কৰিব।
আজি নতুন দিল্লীত অনুষ্ঠিত এটা ৰাজহুৱা অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৯৭খন তেজস যুদ্ধ বিমান নিৰ্মাণৰ বাবে হিন্দুস্তান এৰ’নটিকছ লিমিটেড চমুকৈ এইচ এ এললৈ ৬৬ হাজাৰ কোটি টকাৰ অনুমোদন দিছে।
তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বে এইচ এ এলক ৪৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৮৩খন বিমান নিৰ্মাণৰ নিৰ্দেশ দিয়া হৈছিল। ৰাজনাথ সিঙে সকলো বিদেশী কোম্পানী আৰু বিনিয়োগকাৰীক দেশৰ প্ৰতিৰক্ষা নিৰ্মান ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ আহ্বান জনায়।
ভাষণ প্ৰসংগত তেওঁ প্ৰতিৰক্ষা খণ্ডত উদ্ভাৱন আৰু প্ৰযুক্তি বিকাশৰ প্ৰসাৰৰ বাবে ইনোভেচন ফৰ ডিফেন্স এক্সিলেন্স আৰম্ভ কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে ব্যক্তিগত খণ্ডক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে উপযুক্ত পৰিবেশ প্ৰদান কৰাৰ লগতে যুদ্ধ বিমান, হেলিকপ্টাৰ, টেংক, চাবমেৰিনকে ধৰি প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ সুবিধা প্ৰদান কৰিছে।
Site Admin | August 22, 2025 8:16 PM | Rajnath Singh
নতুন দিল্লীত ৰাজহুৱা অনুষ্ঠানত ভাষণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
