কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত সেৱা পষেকৰ অধীনত ১৬০০ কোটি টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ত্যাগৰাজ ষ্টেডিয়ামত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্রীশ্বাহে কয়, যে এই প্রকল্পসমূহে ৰাষ্ট্ৰীয় ৰাজধানীৰ জনসাধাৰণক উপকৃত কৰিব। তেওঁ কয়, যে শ্রীমোদীয়ে তেওঁৰ সমগ্ৰ জীৱন দেশবাসীৰ কল্যাণৰ হকে সমর্পণ কৰিছে। বিগত ১১ বছৰত শ্রীমোদীৰ নেতৃত্বত দেশ সুৰক্ষিত হৈছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয়, যে এই সময়ছোৱাত দেশৰ অৰ্থনীতি শক্তিশালী হৈছে আৰু দৰিদ্ৰ লোকসকলেও সকলো সুবিধা লাভ কৰিছে। মোদী চৰকাৰে দেশৰ ৬০ কোটি জনসাধাৰণক সুবিধা প্ৰদান কৰিছে আৰু ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে বুলি গৃহ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে দেশে সদায় শ্রীমোদীৰ ঐতিহাসিক সফলতাসমূহ মনত ৰাখিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে আজি উদ্বোধন কৰা ১৫ খন গুৰুত্বপূৰ্ণ আঁচনিৰ ভিতৰত মহাবিদ্যালয় পৰ্যায়ৰ দৃষ্টিহীন কন্যা শিক্ষাৰ্থীসকলৰ বাবে অটল দৃষ্টি ছাত্রীবাস, বৌদ্ধিকভাৱে দিব্যাংগ ব্যক্তিসকলৰ বাবে অটল আশাগৃহ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সাবিত্রীবাঈ ফুলে গৃহ আঁচনি, চিকিৎসালয়, ১০১ টা আয়ুষ্মান আৰোগ্য মন্দিৰ, ১৫০ টা ডায়েলিছিছ কেন্দ্ৰ আৰু আৰক্ষীৰ বাবে ৭৫ খন ড্রণ আছে। আজিৰ অনুষ্ঠানতে গৃহ মন্ত্ৰীগৰাকীয়ে দুটা আৱৰ্জনাৰ পৰা শক্তি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।
উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰে পৰা সমগ্ৰ দেশত সেৱা পষেকৰ আয়োজন কৰিছে। মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মবার্ষিকীৰ দিনা ২ অক্টোবৰত এই সেৱা পষেকৰ সামৰণি পৰিব।
সেৱা পষেকৰ সময়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সক্রিয়ভাৱে অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে বিভিন্ন বিষয়বস্তুৰে ভিন ভিন কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহক দুখীয়া জনসাধাৰণৰ কাষ চপাই নিয়া, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰসাৰ, পানী যোগান সুনিশ্চিত কৰা আৰু পৰিৱেশ সংৰক্ষণ বিষয়ক অভিযানসমূহ আগুৱাই নিয়াত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
Site Admin | September 17, 2025 8:27 PM | Amit Shah Sewa Pasek
নতুন দিল্লীত সেৱা পষেকৰ অধীনত ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন