January 7, 2026 10:06 PM | rajnath tribute

printer

নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল এছ কে সিনহাৰ জন্মশতবাৰ্ষিকীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধাঞ্জলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল এছ কে সিনহাৰ জন্মশতবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। লেফটেনেণ্ট জেনেৰেল এছ কে সিনহা স্মাৰক বক্তব্যত ভার্চুৱেল ব্যৱস্থাৰে অংশ লৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জেনেৰেল সিন্হাৰ ঐতিহ্যৰ প্ৰশংসা কৰি সকলোকে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়। অনুষ্ঠানত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে কয় যে এছ কে সিন্‌হাই ৰাষ্ট্ৰৰ নিৰাপত্তাক কেৱল শসস্ত্র বাহিনীৰ দায়িত্ব হিচাপে ধৰা নাছিল। উল্লেখযোগ্য যে লেফটেনেণ্ট জেনেৰেল এছ কে সিনহা সেনাৰ এগৰাকী অন্যতম পাৰদৰ্শী জেনেৰেল আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বাৰ্মা আৰু ইণ্ডোনেছিয়াত যুদ্ধত অংশ লৈছিল। তেওঁ লগতে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।