নতুন দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰিব। শ্রী মোদীয়ে কালি এই সন্মিলনত অধ্যক্ষতা কৰে। শুকুৰবাৰে আৰম্ভ হোৱা এই তিনি দিনীয়া সন্মিলনত ৰাজ্যসমূহৰ সহযোগিতাত বিকাশৰ উমৈহতীয়া কাৰ্যসূচীৰ মূল্যায়ণ আৰু ৰূপায়ণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ সুদৃঢ় কৰা তথা দ্রুত বিকাশ আৰু উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে উন্নত সমন্বয় সুনিশ্চিত কৰাই এই সন্মিলনৰ মূল উদ্দেশ্যে। সন্মিলনৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিছে।