ডাউনলোড
মোবাইল এপ

android apple
signal

September 13, 2025 8:37 PM | Mansukh Mandaviya

printer

নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা ২০২৬ সম্পৰ্কীয় সংবাদমেল

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, যুৱ নেতৃত্বাধীন গণতন্ত্রই দৃষ্টিভংগীক কণ্ঠলৈ আৰু কণ্ঠক সুদূৰ প্ৰসাৰী প্রভাবলৈ ৰূপান্তিৰত কৰাৰ প্ৰকৃত উদাহৰণ হৈছে বিকশিত ভাৰত যুৱ আলোচনাৰ নেতাসকল। নতুন দিল্লীত আজি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা ২০২৬ সংক্রান্তিয় এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়, যে এইখন এনে এখন মঞ্চ য’ত ভাৰতীয় যুৱ প্ৰজন্মই কেৱল তেওঁলোকৰ ধাৰণাসমূহ আদান-প্ৰদান কৰাই নহয়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত উপস্থাপনো কৰিব পাৰে। ড০ মন্দাভিয়াই দ্বিতীয় সংস্কৰণৰ বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা ২০২৬ৰ বিষয়ে ঘোষণা কৰি এইদৰে কয়। ড০ মন্দাভিয়াই লগতে কয়, যে এই আলোচনা কেৱল এদিনীয়া নহয়, বৰঞ্চ ই সমগ্ৰ দেশৰে যুৱক-যুৱতীসকলক একত্ৰিত কৰাৰ এখন অবিৰত মঞ্চ। এই মঞ্চৰ জৰিয়তে তেওঁলোকৰ নেতৃত্ব প্রদানকাৰী দক্ষতাৰ যতন লোৱাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী আগুৱাই নিয়াৰ বাবে তেওঁলোকৰ উদ্ভাৱনী শক্তিৰ বিকাশ ঘটাব। মন্ত্ৰীগৰাকীয়ে লগতে বিকশিত ভাৰত যুৱ নেতৃত্ব আলোচনাৰ প্ৰথম পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাও আৰম্ভ কৰে। তেওঁ সমগ্ৰ দেশৰ যুৱ প্ৰজন্মৰ লগতে ছাত্র-ছাত্রীসকলক এই কুইজত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে অহা বছৰৰ ১০ৰ পৰা ১২ জানুৱাৰীলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা ২০২৬ৰ চূড়ান্ত প্রতিযোগিতা অনুষ্ঠিত হ’ব।