November 27, 2024 7:39 AM | Anti-Baal Vivah

printer

নতুন দিল্লীত দেশজোৰা বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ শুভাৰম্ভ

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে কালি নতুন দিল্লীত দেশজোৰা বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে বাল্যবিবাহ মুক্ত ভাৰত পোৰ্টেলো মুকলি কৰে। সজাগতা সৃষ্টি, বাল্যবিবাহ ৰোধ আৰু এনে ঘটনাৰ বিষয়ে ততালিকে জনোৱাত সহায় হোৱাকৈ এই পোৰ্টেলটো বিকশাই তোলা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে এই অভিযানৰ সময়ছোৱাত বাল্যবিবাহৰ বিৰুদ্ধে সমূহীয়া শপতবাক্য পাঠ কৰাব। অভিযানৰ সময়ছোৱাত সংকল্প গ্ৰহণ কৰা লোকৰ সংখ্যা ২৫ কোটিৰো অধিক হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।