নতুন দিল্লীত তৃতীয় আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ভাষা সন্মিলন

ভাষাৰ গুৰুত্ব কেৱল দুজন ব্যক্তিৰ মাজত যোগাযোগ স্থাপনতে নহয় বৰঞ্চ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰাৰ পৰিবহন তথা সংৰক্ষণত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্রকাশ কৰিছে। নতুন দিল্লীত আজি তৃতীয় আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ভাষা সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীৰাধাকৃষ্ণণে এইদৰে কয়। ভাষাই সামগ্রিকভাবে এখন সমাজৰ উমৈহতীয়া স্মৃতি কঢ়িয়াই বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আয়ুর্বেদলৈ মালায়লম ভাষাৰ অৱদানৰ বিষয়েও উল্লেখ কৰে। অতীতৰ শিল আৰু গছৰ পাতত লিখাৰ পৰা এতিয়াৰ ডিজিটেল স্ক্রিীনলৈ ভাষাই মানব জাতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।