ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 1, 2024 12:58 PM | BioE3 policy

printer

নতুন দিল্লীত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙৰ জৈৱ প্ৰযুক্তি নীতি Bio-E3 মুকলি

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে কালি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু কর্ম সংস্থাপন সম্পৰ্কীয় জৈৱ প্ৰযুক্তি নীতি Bio-E3 মুকলি কৰে। Bio-E3 মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড০ সিঙে কয় যে, এই নীতিয়ে দেশত উচ্চমানৰ জৈৱ সামগ্ৰী উৎপাদনত সহায় কৰিব আৰু ইয়াৰ ফলত খাদ্য, শক্তি তথা স্বাস্থ্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব। তেওঁ কয় যে, ব্যক্তিগত খণ্ডৰ সহযোগিতাৰে এই নীতি ৰূপায়ণ কৰা হ’ব আৰু ইয়াৰ ফলত কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। তেওঁ কয় যে, জৈৱ সামগ্ৰীৰ নিৰ্মাণ আৰু জৈৱ সামগ্ৰী নিৰ্মাণ কেন্দ্ৰই দেশৰ ভৱিষ্যৎ অৰ্থব্যৱস্থাৰ প্ৰসাৰত অৰিহনা যোগাব আৰু অর্থনৈতিক বিকাশ পৰিৱেশ অনুকূল হৈ উঠিব। কেন্দ্ৰীয় মন্ত্রীসভাই যোৱা ২৪ আগষ্টত এই Bio-E3 নীতিত অনুমোদন জনাইছিল।