February 4, 2025 7:27 PM | CM Meet Jaishankar

printer

নতুন দিল্লীত এডভান্টেজ আছাম সন্মিলন সন্দৰ্ভত মন্ত্ৰী ড° এছ জয়শংকৰক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে দ্বিতীয়বাৰৰ বাবে আয়োজিত এডভান্টেজ আছাম সন্মিলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰক নতুন দিল্লীত সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ লগতে শ্ৰী জয়শংকৰে দেশৰ এক্ট-ইষ্ট নীতিত অসমৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত এডভাণ্টেজ আছামৰ কাৰ্যসূচীত আলোকপাত কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে এই সন্মিলনৰ পৰিপ্ৰেক্ষিতত ভূটান, দক্ষিণ কোৰিয়া আৰু জাপান ভ্রমণসূচীৰ বিষয়েও মন্ত্ৰীগৰাকীক আভাস দিয়ে। উল্লেখযোগ্য যে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি চলি আছে। এই শীৰ্ষ সন্মিলনৰ সৈতে সংগতি ৰাখি এখন আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি প্রদর্শনী উপ-সমিতিৰ বিষয়াসকলৰ সৈতে প্ৰদৰ্শনীৰ আয়োজনৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। তেওঁ লগতে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ প্ৰদৰ্শনীথলীও পৰিদৰ্শন কৰে। অসমত গঢ়ি উঠা বিনিয়োগৰ অনুকুল বাতাবৰণ, সামৰ্থ আৰু সম্ভাৱনাক এই প্ৰদৰ্শনীত প্ৰতিফলিত কৰা হ’ব। প্ৰদৰ্শনীত টাটা গ্রুপ, ৰিলায়েন্স, আদানী আদি আগশাৰীৰ ভাৰতীয় কোম্পানীৰ লগতে বহুকেইটা বহুজাতিক কোম্পানী আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অগ্ৰণী ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে ভাগ ল’ব বুলি মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। তেওঁ লগতে এই প্ৰদৰ্শনীত অংশীদাৰ দেশ হিচাপে ভাগ ল’বলৈ কেইবাখনো দেশেও আগ্ৰহ প্ৰকাশ কৰাৰ কথাও জানিবলৈ দিয়ে।
আজিৰ বৈঠকত প্ৰদৰ্শনী উপ-সমিতিৰ দায়িত্বত থকা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি ডি ত্রিপাঠী, অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি অসম ৰাজ্যিক পৰিবহণ নিগম, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু অভিযন্তাসকলে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশ লোৱাৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানতো প্রধানমন্ত্ৰীয়ে অংশ লোৱাৰ কথা। ২৫ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰীয়ে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই অনুষ্ঠানত ভূটানৰ প্রধানমন্ত্রীও উপস্থিত থাকিব। পাঁচখন সহযোগী দেশে অংশ ল’বলগীয়া এই সন্মিলনত ৫ শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।