নতুন দিল্লীত আজি সীমা শুল্ক অনুমোদন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। দিল্লী মণ্ডলৰ মুখ্য সীমা শুল্ক আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সহযোগী পক্ষসমূহৰ বিশ্বাস শক্তিশালী কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰা হয়। এই বৈঠকত এফ এছ এছ এ আই, প্লেণ্ট কোৱাৰেণ্টাইন, ঔষধ নিয়ন্ত্ৰকৰ দৰে চৰকাৰী ভালেমান সংস্থাৰ লগতে বিভিন্ন বাণিজ্যিক সহযোগীয়ে অংশগ্ৰহণ কৰে বুলি বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰিছে। বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি বৈঠকত হোৱা আলোচনাকালত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক ব’ৰ্ডৰ শেহতীয়া সকলো নীতি আৰু ডিজিটেল পদক্ষেপৰ বিষয়ে সকলো পক্ষৰে সৈতে আলোচনা কৰে। দিল্লী সীমাশুল্ক মণ্ডলত ইয়াৰ ৰূপায়ণৰ আন্তঃগাঁথনি সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰা হয়। সহযোগী সকলো পক্ষই এই বিষয়ত বিভিন্ন গঠনমূলক প্রশ্ন উত্থাপন কৰে বুলি বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰিছে। এই বৈঠকতে দিল্লী সীমা শুল্ক মণ্ডলে ব্যৱসায়ৰ সুচলতা বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰে।
Site Admin | December 27, 2025 8:20 PM | Akashvani | Akashvani News | Finance Minister | indian Economy
নতুন দিল্লীত আজি সীমা শুল্ক অনুমোদন সমিতিৰ বৈঠক অনুষ্ঠিত