ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 28, 2025 12:04 PM | PM Modi

printer

নতুন দিল্লীত আচার্য বিদ্যানন্দ জি মহাৰাজৰ শতবর্ষ উদযাপন অনুষ্ঠান উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আচার্য বিদ্যানন্দ জি মহাৰাজৰ শতবর্ষ উদযাপন অনুষ্ঠান উদ্বোধন কৰিব। কেন্দ্ৰীয় চৰকাৰে ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ সহযোগত আচাৰ্য বিদ্যানন্দ জি মহাৰাজৰ ১০০ সংখ্যক জন্ম বার্ষিকী উপলক্ষে বছৰজোৰা ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ আনুষ্ঠানিক কাৰ্যসূচী হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰিছে। আচাৰ্য বিদ্যানন্দ জি মহাৰাজ হৈছে জৈন ধৰ্মৰ এগৰাকী আধ্যাত্মিক নেতা তথা সমাজ সংস্কাৰক। এই বছৰজোৰা শতবৰ্ষ উদযাপন কাৰ্যসূচীত বিদ্যানন্দ মহাৰাজৰ জীৱন আৰু দৰ্শনৰ প্ৰসাৰৰ উদ্দেশ্যে সমগ্ৰ দেশতে সাংস্কৃতিক, সাহিত্যিক, শিক্ষামূলক আৰু আধ্যাত্মিক কাৰ্যসূচী পালন কৰা হ’ব। আচাৰ্য বিদ্যানন্দ জিয়ে তেওঁৰ জীৱন কালত জৈন দর্শন সন্দৰ্ভত ৫০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। দেশৰ পৌৰাণিক জৈন মন্দিৰসমূহৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শিক্ষাৰ ক্ষেত্ৰতো বিশেষকৈ প্ৰাকৃত, জৈন দৰ্শন আৰু ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰতো তেওঁ বিশেষভাৱে কাম কৰিছিল।